কবিঃ- ধনাই বৰা
পিতৃ-মাতৃ আজ্ঞা যিয়ে কৰে উলঙ্ঘন।
ভাল কথা শিকিলেও বেয়ালৈহে মন॥
দুষ্টৰ সঙ্গত কৰে সদায় বসতি।
দিনে দিনে বাঢ়ি যায় কুকৰ্মত মতি॥
আপোন পাঠত নাই যি ল’ৰাৰ মন।
সদায় কুকথা মাত্ৰ কৰে আলোচন॥
মিছা কথা বিনে যিয়ে সঁচা নাহি কয়।
দেখিলেই পৰদ্ৰব্য চুৰ কৰি লয়॥
সজশিক্ষা এৰি ধৰে মন্দ আচৰণ।
বেয়া ল’ৰা বুলি তাক কয় সাধুজন॥
বৰ ভাল লাগিল পঢ়ি।
ReplyDeleteধনাই বৰাক কি কবি বুলি কোৱা হয় ?
ReplyDelete