কবিঃ- মেঘৰাম পাঠক
প্ৰভাতৰ পুণ্যজ্যোতি
মুখমণ্ডলত
গভীৰ দয়াৰ দৃষ্টি
চাৰু নয়নত
লৈ তুমি আহিছিলা কোন
বৰদিনত
পোহৰায় মৰুময় আন্ধাৰ
জগত।
হেৰা নিষ্পাপ কাম
গন্ধহীন শিশু
স্বৰগৰ বাৰ্তাবাহী
পূতপ্ৰাণ যীশু,
ক্ৰছবিদ্ধ হৈয়ো তুমি
ৰচিলা যি গান
পৱিত্ৰ প্ৰেমৰ সিয়ে
আদৰ্শ মহান।
যি প্ৰেম সাৱটি ধৰি
আই বসুমতী
পৰম কল্যাণ সাধি আছে
দিনে ৰাতি,
ক্ষত বিক্ষত দেহেও,
শান্ত চিত্ত লই
বিপুল শ্যামল শস্য
সুশোভিতা হই।
তোমাৰ আৰ্হিয়ে দেৱ
মানৱীয় ৰথ
আজিও টানিছে সউ
দেখুৱাই পথ,
পথভ্ৰান্ত হিংসুকক
শান্তি সম্প্ৰীতিৰে
জ্ঞানময় সংযমৰ সত্যৰ
জ্যোতিৰে
আঁতৰাই অসহন
দুখ-দৈন্য শোক
ধন্য কৰি হে মহান!
ভূলোক দ্যুলোক।
No comments:
Post a Comment