Wednesday, 19 August 2026

নৱবৰ্ষ

 কবিঃ আনান্দচন্দ্ৰ আগৰৱালা


নৱ বৰষৰ নবীন সঙ্গীত,
 উলাহ অথিৰ প্ৰাণ,
ভবিষ্য আশাৰ মোহিনী প্ৰতিমা
 শুনায় মধুৰ গান।

অসীম অনন্ত কালৰ সাগৰ,
 জনম নজনা ঠাই,
মৰণ ক’ত নো সিও অগোচৰ,
 —আগ-গুৰি একো নাই।

অনন্ত সাগৰ গৰজিছে সদা,
ঢউৰ ওপৰে ঢউ,
তাৰে এটি ঢউ মাৰ গল আজি
কামৰ একোকে নউ! 

 

চোৱা চকু মেলি নবীন পুৱাত,
 নীলিম আকাশ মাজে,
নবীন বছৰ অনন্ত শয্যাত,
 জনমে সোণালী সাজে।

আশাৰ প্ৰতিমা আদৰি-সাদৰি
 হিয়াত কৰি থাপন,
নৱ বৰষক নবীন উছাহে
 আনোঁ কৰি আবাহন।

 

পুৱঁতি নিশাৰ কুলিয়ে পুৱাতে
 মঙ্গল-উৰুলি গাই
নৱ বৰষৰ দিলেহি জাননী
 মলয়াৰ জুৰ বাই।

 

হেঙ্গুলী বেলিৰ নতুন কিৰণে
 গগন উজ্জ্বল কৰে,
বনদেবী সবে ফল-ফুল আনি
 তোমাৰ যোগান ধৰে।

ঘৰ-বাৰী মচি গৰু-গা ধুৱাই
 নতুন কাপোৰ লই,
নতুন ভোজেৰে ৰঙ্গালী বিহুত
( মানুহে) আদৰি আনিছে গই।

স্বৰগ, মৰত, প্ৰকৃতি, মানুহ,
 সকলো আনন্দময়,
মেঘে মেঘে মিলি সাবটা-সাবটি,
 জগৎ কবিতাময়।

১০

চাওঁতে চাওঁতে পল পল কৰি
 দ্বাদশে* মেলানি ললে,
সৰিৎ, সাগৰ, আকাশ, পৃথিবী,
 বিদায়-সঙ্গীত গালে। 

১১

চাওঁতে চাওঁতে এখোজ বঢ়ালোঁ
 মৰণ-দেশৰ পিনে,
জীৱন-বুৰঞ্জী মেলি এবে চোঁৱা
 হাৰিল জিকিল কোনে। 

১২

ভাবি চোৱা হেৰাঁ দিবা নে যাবলৈ
 বিফলে বছৰ হায়।
ধূলি ধেমালিতে থাকিবা নে মজি
 মানবী জনম পাই?

১৩

অসীম কৰ্ত্তব্য কৰমী জীৱনে
 পালিব পবিত্ৰ ব্ৰত,
জগৎ পিতাৰ এনুৱা আদেশ,
 সকলো শাস্ত্ৰৰ মত।

১৪

নিমিষে নিমিষে যিবোৰ কৰম
 কৰিছোঁ ধৰাতে ভাই,
নিমিষৰ বাতৰি নিমিষে পাইছে
 জগৎ পিতাৰ ঠাই।

১৫

যি কামকে কৰোঁ, যি ভাবকে ভাবোঁ,
 যি কথাকে কওঁ ভাই,
তাৰে গুটি পৰি শস্য জগিব,
 আনিব লাগিব দাই।

১৬

আহাঁ, আহাঁ, ভাই, এষি ধূলি খেলা,
 জীৱনৰ ধাৰ শুজাঁ
সময় তাকৰ, বাট ভালেখিনি,
 সময়ৰ মোল বুজাঁ

১৭

আমাৰ কাৰণে মহাত্মা সকলে
 কঠোৰ তপস্যা কৰি,
জ্ঞান-সিন্ধু মথি যিবোৰ অমৃত
 ৰাখিছে ভঁৰাল ভৰি

১৮

সেই জ্ঞানামৃত লোগ কৰি আহাঁ
 কৰ্ম্ম সাধনত লাগোঁ
কৰ্তব্য কৰোঁতে ভকতি ফুলিব
প্ৰভু আশীষ মাগোঁ।

১৯

নতুন তেজেৰে, নতুন বলেৰে,
 নতুন টাঙ্গালি লই,
প্ৰতি মুহূৰ্ততে আগে বাঢ়োঁ বলাঁ।
 অতীত সামৰি থই

২০

অতীতৰ কথা অতীতৰ ব্যথা
 ভবাৰ সকাম নাই,
সোণালী সুযোগ জানি বৰ্ত্তমান
 কামত ধৰাঁহি ভাই।

২১

ওপৰে ঈশ্বৰ দয়াময় পিতা,
 তলত মানুহ ভাই,
বুকে সাহ বান্ধি বলাঁচোঁ সকলো
 —সাহ বিনা সিদ্ধি নাই।

২২

কুলু কুলু কুলু সততে তটিনী
 সাগৰ উদ্দেশে বয়,
আমি কি থাকিম উদ্দেশ পাহৰি,
 মায়াত বিভোল হই।

২৩

নীল আকাশত হাতী-পটি মাজে
 তৰাবোৰে পাতে থুল,
সেই বুলি দেখোঁ তৰাই নকৰে
 আপোন কক্ষৰ ভুল।

২৪

নতুন বছৰে দিছে সোৱাঁৰাই
 আমাক আপোন কাজে,
নতুন উছাহে হও বলা সবে
 বিজয়ী জগৎ মাজে।

২৪

সৌভাগ্য-বেলিৰ চোৱাঁ জিলিকনি,
 পোহৰে পূবত সৌৱা,
বিজয় পতাকা উৰুৱাই বলাঁ,
 উলাহ-সঙ্গীত গোৱা।

No comments:

Post a Comment