Wednesday, 19 August 2026

এটা দুষ্ট ল'ৰা

 

(১)


ধনী এটা অতি   টটা টিঙা লৰা,
দুষ্টালি কামত   সৱাতোকৈ চৰা।
লিখা-পঢ়া ফালে   এফেৰিকে নাই,
যাৰে তাৰে কৰে   দন্দ আৰু হাই।

(২)


ঘৰে পৰে তাক   ভাল বোলা নাই,
সকলোৰে মাথোঁ   গৰিহণা খায়।
দুষ্টালিৰ পৰা   কি হ'ল পাচত,
কওঁচোন বাৰু   শুনা বোপাহঁত !

 

(৩)


ধনীয়ে এদিন   ভেঙুচালি কৰি,
কণা এজনৰ   লাখুটিত ধৰি
টান মাৰোঁতেই   পালে মাধমাৰ,
একে মাৰে হাত   ভাগি গ'ল তাৰ ৷
তাৰে পৰা ধনী   নিৰ্জু লৰা হল,
দুষ্টালি সোপাই   কেনিবাদি গ'ল ।
এই দৰে যিটো   দুষ্ট লৰা হয়,
কেতিয়াবা ফল   পাব সি নিশ্চয়।
হেন জানি বোপা !   দুষ্ট নোবোলাবা,
সেয়ে হ'লে বেথা   য'তে ত'তে পাবা।

No comments:

Post a Comment